পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
চতুৰ্থ স্কন্ধ।


উমা শক্তি বিনে দেব, কিৰূপে সংহাৰে শিব,
 সৰ্ব্বজন তব শক্তি যুত।
এতেকতে সিটো সবে, তোমাৰ শকতি ক্ৰমে,
 কালে কাৰ্য্য কৰিছে সৰ্ব্বত্ৰ॥

দেবী আবিৰ্ভূত॥
পদ।

ব্যাস নিগদতি আতপৰে নৃপবৰ।
স্তবে ভুট হুইদেখা দিলন্ত সত্ত্বৰ॥
কিকাৰ্য্য আছয় দেব কহিয়ো আমাত।
তোমসাৰ কাৰ্য্য সিদ্ধি কৰিব নিশ্চিত॥
সবাৰ অসাধ্য যদি তাহাকে৷ সাধিব।
পৃথিবী সহিতে সবে সুস্থিৰ কৰিব॥
দেবগণ কহেআই ইটো বসুন্ধৰা।
ক্ৰন্দন কৰিছে সদা পাই পাপ ভৰা॥
ভূভাৰ হৰণ কাৰ্য্য কৰ্ত্তব্য এখন।
দেবতাৰ এহিসে প্ৰাৰ্থনা বৰ্ত্তমান॥
পূৰ্ব্বে মহাবীৰ মহিষক বিনাশিলা।
কোটি কোটি মহাবলী অসুৰ বধিলা॥