পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
শ্ৰীদেবীভাগৱত।

চতু ৰ্ভুজা বৰা ভয় পাশাঙ্কুশ ৰী।
উদয় অৰুণ তুল্য জগত বিহাৰী॥
দৰ্শনে আনন্দ লভি দেবতা সকল।
স্তুতি কৰিবাক লৈল অতি কুতূহল॥

অথ দেব স্তুতি॥

মকৰাৰ সুতা যেন, মকৰাত জন্ম হুই,
 অগণি স্ফুলিঙ্গে দগ্ধ হয়।
সিৰূপে জগত ইটো, তোমাতে প্ৰকাশ হয়,
 আমি সমে কালে হৱোঁ ক্ষয়॥
যিটো মায়া শকতিত, লিপ্ত সবে চৰাচৰ,
 তুমি সেহি ঈশ্বৰী চিদানন্দ।
জ্ঞানতে উৎপত্তি যিটো, জ্ঞানতে বিনাশ পুনু,
 ভজো হেন শক্তি পৰামন্দা৷৷
যিটো সত্য শুদ্ধা ৰূপ, নাহিক বিকাৰ যাৰ,
 বিশুদ্ধ চৈতন্য পৰাৎ পৰা।
যিটো আদি মহা লক্ষ্মী, ব্ৰহ্মাণ্ডৰ শক্তি ৰূপ,
 ভজো আমি সেহি নিব্বি কাৰ।