সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭
চতুৰ্থ স্কন্ধ।

ময়েব্ৰহ্মা ময়েবিষ্ণু মইমহেশ্বৰ।
জনম লভিলে জ্ঞান হৰয় মোহোৰ॥
মই নিচিনিলোহো পৰব্ৰহ্ম সনাতন।
ব্ৰহ্ম জাল মায়ায় মোহিত মোৰ মন॥
কাঠৰ পুতালি যেনে নটুৱাৰ বশ।
আমিয়ো সিমত মায়া বিভূতি অশেষ॥
সৃষ্টিৰ আদিতে মোৰসঙ্গে মহা মায়া।
ক্ষীৰোদ সমুদ্ৰে মণিদ্বীপে ধৰি কায়া॥
নন্দন কাননে আৰু শ্ৰীৰাস মণ্ডলে।
দেখিছিলো তাঙ্ক কিন্তু কথা নাকহিলে॥
এতেকতে আজি সেহি আদিমূল শক্তি।
আৰাধনা কৰো বিধি সৰ্ব্ব কাম দাত্ৰী॥
এতকহি জগন্নাথ একচিত্ত হুই৷
স্মৰণ কৰিল সবে ভক্তি যুক্ত হুই॥
ভূবন ঈশ্বৰী যোগ মায়া সনাতণী।
সৰ্ব্ব অবতাৰৰ কাৰণ নাৰায়ণী॥
সকলে দেবতামিলি স্মৰণ কৰিল।
স্মৰণ মাত্ৰকে দেবী আসি দেখা দিল॥
নাহি ঘৰ বাড়ী পূৰী সৰ্ব্বত্ৰ ব্যাপক।
এক চিত্তে ভাবিলে মিলয় সৰ্ব্বত্ৰত॥