পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
চতুৰ্থ স্কন্ধ ।

জগ জন দুঃখ হাৰি, তোমাক প্ৰণামো আই,
 সুপ্ৰসন্না হুয়ো জগদ্ধাত্ৰি।
অনুগ্ৰহ কৰি দেবী, ইটো কাৰ্য্য সিদ্ধি কৰা
 কৃপা দৃষ্টিকৰা ভগবতী॥
দেব অৰী দুষ্ট গণে, বিনাশ কৰিয়ো আই,
 ভুমি ভাৰ কৰিয়ো হৰণ।
অমৰক দয়া যেবে, তুমি নকৰিলা হন্তে,
 কোন শক্তি দেবে কৰে ৰণ॥
ৰণে অস্ত্ৰ বৃষ্টি কৰে,  দেব তকি শক্তি ধৰে,
 তুমি যদি নকৰিলা কৃপা।
তুমিসে দেখৰ মাতা,  সৰ্ব্বত্ৰতে কৰি দয়া,
 ৰণে জয় কৰিছা অভয়া॥
কেশী কংস কালযবন,  কুজী জয়দ্ৰথ বক,
 শাল্বক প্ৰমুখ্যে দৈত্য সব
আন আন পাপী ৰাজা,  দুষ্ট নৰ পতি ভাৰে,
 বহুমতী কাতৰ অতীব॥
ইসব সংহাৰকৰি,  খণ্ডা ধৰণীৰ ভাৰ
 ভয়দূৰ কৰা জগতৰ।
শিব বিষ্ণু ব্ৰহ্মাইন্দ্ৰ,  আদি যত দেবগণ,
 বধিবে শকতি নাহি কাৰ॥