পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
শ্ৰীদেবী ভাগৱত৷

সকলো বানৰে দেখি ভৈলন্ত দুঃখিত।
গৰুণ্ড পক্ষীয়ে পাচে কৰিল মুকুত॥
ধনহীন ৰজ্যহীন ক্লেশ অতিশয়।
ভাগ্যে দৈব বলে কিন্তু যুজে ভৈলো জয়॥
তাতপাচে অগ্ন কাল মুখে বিহৰিলো।
পুনৰপি সীতা ত্যাগি দুঃখকেসে পালো॥
ৰাম অবতাৰে মোৰ দুঃখে দিন গৈল৷
পৰতে ভ্ৰমো সদা স্বতন্ত্ৰ কিভৈল॥
তুমি আমি ৰুদ্ৰ সৰ্ব্ব দেব আদিকৰি।
পৰ তন্ত্ৰে বৰ্ত্তোসবে পৰাধীনো পৰি॥
অষ্টাদশ অধণ ভূভাৰণ কাম্য নাম।
বৰ্ণিল শ্ৰীবেদব্যাসে বোলা ৰাম ৰাম॥

বিষ্ণুৰ মায়া আৰাধন॥

এহিমতে বিষ্ণু পুনু ব্ৰহ্মাক সম্বুধি৷
কহিবে লাগিলা পাচে মায়াক আৰাধি॥
যিটো মায়া মোহে সৰ্ব্ব জগত মোহিত।
তাৰতত্ত্ব উৱাধি নপাও কোনে কৈত॥
আমি জগতৰ গুৰু পৰম পুৰুষ।
চিদানন্দ পৰম প্ৰশান্ত সৰ্ব্ব ঈশ॥