সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
চতুৰ্থ স্কন্ধ৷

তিৰ্য্যগ যোনিত কিবা ভোগ কিবা সুখ।
কিবা যশ কীৰ্ত্তি তাত আপুনি সমুখ॥
কেনেবা নৃসিংহ ভৈলো কেনেবা বামন।
কৰিলো নৃশংস কাম হুই পৰশুৰাম॥
ক্ষত্ৰিয়ৰ ৰক্তে খাল ছিল ভৰাইলো।
পৰশুকুঠাৰে গৰ্ভছিন্দিয়া মাৰিলো ॥
ৰামৰূপে দণ্ডুকা অৰণ্যে প্ৰবেশিলো৷
লেঙ্গুটী মাৰিলো জটাবাকপি পিন্ধিলো॥
অসহায় পন্থহীন ভীষণ কাননে।
বৃক্ষপত্ৰে ছালি বান্ধি খপোৰাত্ৰি দিনে॥
মায়ামৃগ চিনিবাক নভৈল শকতি৷
কুটিৰে জানকী এৰি খেদিগৈলো তথি॥
লক্ষ্মনো এৰিলতাঙ্ক মোৰ পাছে ধাইল।
ভিক্ষুকৰ বেশে সীতা ৰাবণে হৰিল॥
কান্দিল জানকী আতি অনাথিনী প্ৰায়৷
বনে বনে দুঃখে কান্দি বিচাৰিলো ময়॥
সুগ্ৰীবক মিত্ৰকৰি বালিক বধিলো।
বানৰ সহায়ে লঙ্কানগৰে পশিলো॥
ইন্দ্ৰজিতা হাতে নাগ পাশে বন্দিভৈলো৷
মৰাহেন দুই ভাই নিঢলি পৰিলো॥
*১৩*