পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
শ্ৰীদেবী ভাগৱত।

প্ৰসন্ন বদনে আগমন জিজ্ঞাসিলা।
কিহেতু আসিলা ব্ৰহ্মা বিস্তৰিয়া বোলা॥
পৃথিবীৰ দুঃখ স্মৰি ব্ৰহ্মা নিবেদিল।
ভাব হৰণৰ কাৰ্য্য তোমাৰ কেবল॥
দ্বাপৰ অন্তৰে দেব কলিৰ আদিত।
ধৰিবাহা অবতাৰ ভাৰত মাঝত॥
দুস্ট দৈত্য বধিভাৰ হৰা ধৰণীৰ।
ভাৰহৰি এথাতে আসিবা পুনৰ্ব্বাৰ॥ *

বিষ্ণুৰ উত্তৰ।

বিষ্ণু কহে শুনা ব্ৰহ্মা আমাৰ উত্তৰ।
তুমি আমি শিব কেহো নুহি স্বতন্তৰ॥
ইন্দ্ৰ অগ্নি বায়ু যম বৰুণ মাৰ্ত্তণ্ড।
সবে যোগমায়াবশ স্থাবৰ পৰ্য্যন্ত॥
অব্ৰিহ্ম জগত চৰাচৰ যত মান।
তিনিগুণ সূত্ৰে গাঠি কৰিছে সৃজন॥
যেবে যাৰ যেহি ইচ্ছা সিৰূপে কৰয়।
তান ইচ্ছামতে আমি সবে প্ৰবৰ্ত্তয়॥
যদি আমি স্বতন্ত্ৰ ভৈলোহো প্ৰজাপতি।
কেনে মৎস কচ্চপ হুইব মহামতি॥