পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
শ্ৰীদেবীভাগবত।

ৰাজাৰ নন্দিনী হুই মোহোক পাইবা।
পৃথক পৃথক জন্মি মোৰপত্নী হুইবা॥
এহিৰূপে ঋষি যেবে আশ্বাস দিলন্ত।
পৰজন্মে আশাকৰি সবেয়ো গৈলন্ত॥
বদৰিকা ত্যাগি সবে অম্ৰাবতী গৈল।
আদিঅন্ত সমস্ত বাসব আগে কৈল॥
আদ্যোপান্ত বিবৰি শুনিল ইন্দ্ৰদেব।
উৰ্ব্বশীক লভি পুনু পাইল উৎসব॥

কৃষ্ণ অবতাৰ কথন॥*॥

পদ।

ব্যাসদেব কহে ইন্দ্ৰ কৰক্ত আক্ষেপ।
হৰি হৰি কিনো তপ বলৰ মাহাত্ম॥
যিটো জনে ইহেন উৰ্ব্বশী জনমাইল।
ধন্য বীৰ্য্য ধৈৰ্য্যবন্ত মুনিমহা বল॥
এতেক বুলিয়া স্তুতি কৰি সুৰপতি।
উদ্দেশে মুনিৰ পদে কৰিল প্ৰণতি॥
নাৰায়ণো পুনু তপস্যাত প্ৰবৰ্ত্তিল
শুনা তাতপাচে ৰাজা ষেনকথা ভৈল॥