পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
চতুৰ্থস্কন্ধ।

পৰে নৰনাৰায়ণ অংশৰূপ ধৰি।
ভূমি ভাৰ হৰিবে ভৈলন্ত অৱতৰি॥
ভৃগুশাপে কৃষ্ণাৰ্জ্জুন ৰূপে মহাৰাজ।
অবতাৰ ভৈল চুয়ো ভাৰতৰ মাজ॥
জন্মেজয় কহে দেব কৃষ্ণৰ চৰিত।
বিস্তৰি বৰ্ণিয়াকৰা সন্দেহ খণ্ডিত॥
যাহাৰ তনয় ভৈল শ্ৰীহৰি অনন্ত।
সমস্ত ব্ৰহ্মাণ্ড বল যাহৰ দেহত॥
হেনকৃষ্ণে পুল্ৰলভি দৈবকী সুদেব।
কেনে এতদুঃখ ভাগী ভৈল গুৰুদেব॥
কংসঘৰে বহুবৰ্ষ শৃঙ্খলে বঞ্চিল।
সাক্ষাতে ঈশ্বৰ পুত্ৰ হেনদুঃখ পাইল॥
মথুৰাত জন্মি কেনে গোকুলো গৈলস্ত।
পিতৃভূমি এৰি দেশান্তৰি তৈল তৈত॥
দ্বিজ শাপে কুল ধ্বংস কিহেতু কৰিল।
ভাৰহৰি দেহ ত্যাগি বৈকুণ্ঠে চলিল॥
পাপভৰে বহুমতী কাতৰ হইল।
কৃষ্ণাৰ্জ্জুন অবতৰি ভাৰগুছাইল॥
নিজপত্নী লুণ্ঠন কৰিল যেবে দৈত্য।
সিটো পাপ হৰি কেনে নকৈল নিহত॥