পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৫
চতুৰ্থঙ্কন্ধ।

ব্যাসদেব কহেনৃপ শুনিয়ো উত্তৰ।
ধৰ্মপুল্ৰ চৰিত্ৰ বিস্তৰি সাৰে সাৰ॥
ক্ৰোধ শাস্তিভৈল যেবে ধৰ্ম্মৰ তনয়।
অল্প মৃদুমন্দ হাসি বচন বোলয়॥
এহিজন্মে শঙ্কল্প ধৰিছো কন্যা গণ।
দাৰ পৰিগ্ৰহ আমি নকৰো কখন॥
এতেকে মোহোক কৃপা কৰি সৰ্ব্বজন।
আপোন আলয়ে সবে যাহ এতিক্ষণ॥
তুমি সবে ধৰ্ম্ম জ্ঞানী ধৰ্ম্ম সুবিদিত।
পৰব্ৰত ভঙ্গ কাৰ্য্য নকৰ কশ্চিত॥
শৃঙ্গাৰ কৰিলে হৱে চিৰস্থায়ী ৰতি।
কিৰূপে কৰিবহেন সম্বন্ধ যুবতী॥
কাৰণ বিনাই কাৰ্য্য নোহন্ত নিশ্চয়।
কৰিবে কহন্ত সব চিৰস্থায়ী ভাৱ॥
সৰ্ব্বাঙ্গ সুন্দৰ লোক ধন্য মহীতলে।
অকৃত্ৰিম প্ৰীতি পাত্ৰ ৰমণীৰ দলে॥
তোৰা সবে কৃপাকৰি ব্ৰতৰক্ষা কৰ।
পৰজন্মে বীৰ্য্যবন্ত পতি হইবো তোৰ॥
অস্টাবিংশ দ্বাপৰ যুগত মহীতলে।
দেবকাৰ্য্য লাগি জন্ম হইবো সেহি কালে॥