পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰী দেবী ভাগৱত।

নাৰায়ণৰ উত্তৰ৷

নাৰায়ণ কহে ঋষি প্ৰকৃতি লক্ষণ।

কাৰ শক্তি বৰ্ণিবাক পাৰে ত্ৰিভূবণ॥
তথাপি ধৰ্ম্মৰ মুখে যিৰূপে শুনিছো॥
কহিবো তোমাত সবিস্তাৰে কিছু কিছু।
প্ৰ, শব্দে প্ৰকৃষ্ট অৰ্থ সবাৰ উপৰ।
কৃতি, শব্দে সৃষ্টি কাৰ্য্য শ্ৰজন বিধিৰ॥
যিজনে উত্তম সৃষ্টি কৰিল বিধান।
তাকে বেদে কহে মূল প্ৰকৃতি লক্ষণ॥
সেহি পৰম ব্ৰহ্ম জ্যোতিৰ্ম্ময় সনাতনী।
দক্ষিণে পুৰুষ বামে প্ৰকৃতি ৰমণী॥
এতেকে নকৰে জ্ঞানী স্ত্ৰী পুৰুষ ভেদ।
সৰ্ব্ব ব্ৰহ্ম ময় ইটো প্ৰকৃতি অভেদ॥
যেহিৰূপ দিশকাল আত্মা অবিনাশী।
চৰাচৰে জগতে গোলোকে। অবিনাশী॥
তাৰ একচুকে ৰহে বৈকুণ্ঠ অধত।
উপৰে শাশ্বত জ্যোতি সৰ্ব্বলোক খ্যাত॥
সেহি তেজোময় জ্যোতি পাছে সৃষ্টিলাগি।
প্ৰকৃতি পুৰুষ ৰূপে ভৈলন্ত দুভাগি॥