পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ স্কন্ধ।

দক্ষিণাংশ দুইভূজ শ্যাম কৃষ্ণ ৰূপ।
বাম অংশে মহালক্ষ্মী প্ৰকৃতি স্বৰূপ॥
এই দুই ভৈল মূল প্ৰকৃতি পুৰুষ।
এতেকে অভেদ্য কোটী ব্ৰহ্মাণ্ডৰ ঈশ॥
অতি কমনীয় ৰূপ অতি মনোহৰ।
নবীন নীৰদ শ্যাম তনু ৰুচিকৰ॥
শৰত পঙ্কজ জিনি পুণ্ডৰীক আখি।
মুক্তা বিনন্দিয়া শুভ্ৰ দন্ত, মৃদুহাসি॥
শোভিত ময়ুৰ পুচ্ছে চুড়া মনোহৰ।
কণ্ঠত মালতী মালা কৰে জাতিস্কাৰ॥
অগ্নি শুদ্ধ পীতবাস মুখ শুপ্ৰসন্ন।
দ্বিভূজ মুৰলী হস্ত ৰত্নে বিভূষণ॥
সবাৰ আশ্ৰয় সৰ্ব্বশক্তি সৰ্ব্ব সাৰ।
জন্ম জৰা ব্যাধি মৃত্যু খণ্ডন ঈশ্বৰ॥
কৃষি, পদে সৰ্ব্বৰ আদি ণ, পদে বীজ।
এতেকতে কৃষ্ণ আদি পুৰুষ সৰ্ব্বজ॥
কালে প্ৰকৃতিত ক্ষোভ কৰিল পুৰুষ।
শত মন্বন্তৰ গৰ্ভ ধৰিল বিশেষ॥
তাত পাছে গৰ্ভ পাত কৰিল প্ৰকৃতি।
পৰিল কাৰণ জলে ব্ৰহ্ম ডিম্বাকৃতি॥