সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ স্বন্ধ।

মহাযোগী ব্ৰহ্ম ৰূপী ঋষিক নমিল।
কৃতাঞ্জলি হুইপাছে পুছিবে লাগিল॥
দেব দেব মহাদেব পুৰাণ পুৰুষ৷
জগতৰ আধাৰ সৰ্ব্বজ্ঞ প্ৰভো ঈশ॥
অনন্ত জগতদেব কৈত প্ৰতি ষ্ঠিত।
কৈত বা জনম, লয় হুইবে পাছে কৈত॥
কাৰপৰা জাত ইটো প্ৰলয় কিমত।
কোন জ্ঞান লভি মায়া হোৱয় নিবৃত্ত॥
সৃষ্টিৰ আদিতে পূৰ্ব্বে কোন ৰূপ ছিল।
কোন ৰূপে সৃষ্টি লাগি পঞ্চ ভূত ভৈল॥
ত্ৰিগুণে লভিয়া কৈত ভৈল অবতাৰ।
কিৰূপ লক্ষণ মূল ভৈলন্ত সাকাৰ॥
ধ্যান পূজ৷ শ্ৰবণ কীৰ্ত্তন ইসবাৰ।
ভজন ভকতি ধৰ্ম্ম কিৰূপ আচাৰ॥
যাহাক লভিলে সৰ্ব্ব ভ্ৰান্তি দূৰহয়।
সূৰ্য্যৰ উদয়ে যেনে অন্ধকাৰ ক্ষয়॥
অনুগ্ৰহ কৰি দিয়া প্ৰশ্নৰ উত্তৰ।
যাক শুনি পায় নৰে ভব বন্ধ পাৰ॥

——