পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
চতুৰ্থ স্কন্ধ।

যুদ্ধ কৰিলেও জয় কদাচ নহয়
কহা তেবে কোনৰূপে দৈত্য হবে জয়॥
যুদ্ধসে কৰ্ত্তব্য গুৰু দৈবক নেজানো।
কোনে কৈত কিবাৰূপে দৈব দেখে জানো॥
এতেকে সংগ্ৰামকৰো আছে সৈন্যবল।
তযুঅগ্ৰে এইমুখ্য দানব সকল॥
এতকহি মহাবীৰ প্ৰহ্লদি ৰাজন।
সৈন্য সাজি দেবতাক কৰিল উত্পন॥
দেবে দেখি দৈত্যসেনা সংগ্ৰামে সাজিল।
অস্ত্ৰশস্ত্ৰ ধৰিদেব সেনাও ধাইল॥
দুইদল সমযোদ্ধা সমান বীৰত্ব।
ইন্দ্ৰ প্ৰহ্লাদৰ যুদ্ধ ভৈলন্ত অদ্ভূত॥
সম্পূৰ্ণ শতেক বৰ্ষযুদ্ধ ঘোৰৰ্ত্তৰ।
মুনিঋনি সবেভৈল বিস্ময় অন্তৰ॥
শুক্ৰৰ প্ৰসাদে দৈত্য জয়ভৈল ৰণে।
হাৰিল অমৰগণ ভাগবৰ গুণে॥
বৃহস্পতি পদে ইন্দ্ৰ শৰণে পশিল।
পৰম ঈশ্বৰী পূজিবাক আজ্ঞাদিল॥
আজ্ঞাপাই দেবৰাজ দেবী আৰাধয়।
দুৰ্গত নশিনা দুৰ্গা হুয়োক_সদয়॥

 *১১*