সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
শ্ৰীশ্ৰীদেবী ভাগৱত

ইন্দ্ৰ স্তুতি॥

জয়জয় মহামায়া জগত জননী।
শংঙ্খচক্ৰ গদাধৰি ৰাখা ঠাকুৰাণী॥
আদি মূল শক্তি নমো ভূবণ ঈশ্বৰী।
দশ মহাবিদ্যা ৰূপ শিবে ক্ষেমঙ্কৰী॥
কুল কুণ্ডলিনী শক্তি আনন্দ ৰূপিণী
চিদানন্দা সদানন্দাা পতিত পাবণী॥
নমোপ্ৰাণ অগ্নিৰূপে দীপ শিখামূৰ্ত্তি।
পঞ্চকোষ দেহেবাস বাক্য সৰস্বতী॥
প্ৰণামো আনন্দময়ী সৰ্ব্ব বেদাশ্ৰয়।
দীনহীন পতিতক দিয়ো পদাশ্ৰয়॥

দৰিদ্ৰৰ প্ৰতিমাতা,  শুভ দৃষ্টি কৰিদেখা,
 দৈত্যে পৰাজিলে ৰক্ষাকৰা।
চৰাচৰ শক্তিতুমি,  চৰণে পশিলো আমি,
 ব্ৰহ্মাণ্ডৰ বল বীৰ্য্য ধৰা॥
সুখীজণে ভজিপদ, খণ্ডাই সংসাৰ বন্ধ,
 দুঃখী ভজি দুঃখে হোৱেপাৰ।
ভজি ভয়াতুৰ জন, ভয়হন্তে পাৱে ত্ৰাণ,
 শোকমোহ দুঃখহয় দুৰ॥