পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
শ্ৰীশ্ৰীদেবী ভাগৱত

ইন্দ্ৰবাক্য শুনি বলি কহিল উত্তৰ।
কিনো লজ্জা কাম ইটো ভৈল পুৰন্দৰ॥
মহাতেজা বিষ্ণু মৎস কচ্ছপত জাত।
দৈববশে ভৈলো বৃষ কিবা লজ্জাতাত॥
ব্ৰহ্মবধ কৰিতুমি পদ্মে লনুকাইলা।
ময়ো ধনহীন দুখে বৃষৰূপ ভৈলোে॥
সৰ্ব্ব দৈবা ধীন তাত সুখদুঃখ কিবা।
সৰ্ব্বকাৰ্য্য কৰেকাল ইচ্ছাহয় যিবা॥
শুক্ৰ নিগদতি এতমান কহিবলী।
ইন্দ্ৰক সম্বুধি যথাস্থানে গৈল চলি
দৈববল ইটোমই কহিলো তোমাত।
দেণবনৰ দৈবাধীন সকলে জগত॥
চতুৰ্দ্দশ অধ্যাপদ শুক্ৰ প্ৰাপ্তিনাম।
ৰচিল গোপালে ডাকি বোলা ৰামৰাম॥

অথ দৈত্য বিজয়॥

পদ।

ব্যাস নিগদতি জন্মেজয় নৃপবৰ৷
শুক্ৰবাক্যে প্ৰহ্লদৰ অনন্দ অন্তৰ॥
দৈববল মহাবল বুজিল প্ৰহ্লাদে।
শুক্ৰত কহলা পুনু হৰিষে বিষাদে