সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
চতুৰ্থ স্কন্ধ।

পূৰ্ণদশ যুগ দেব গণে আক্ৰমিবা।
তাত পাচে তুমি সবে ত্ৰিলোক লভিবা॥
সাবৰ্ণি মহুৰ দিনে পুনু ৰাজ্য পাইব।
তষু নাতি বলী দেহিকালে ৰাজা হইব॥
বাহুবলে ত্ৰিভুবণ কৰিব শাসন।
এহি ৰূপে ব্ৰহ্মা স্থানে কৰিলো শ্ৰবণ॥
যিকালে বামন ৰূপে বলিক ছলিল।
দেবতাক ৰাজ্যদিয়া নাৰায়ণে কৈল॥
দেবলাগি যিৰূপে ছলিলো বলীৰাজ।
সাবৰ্ণি মনুৰ দিনে পুণ্ডুদিবো ৰাজ॥
সেহিকালে ইন্দ্ৰ হুইবা তুমি বলীৰাজ।
শুনিলোহো ইটো পূৰ্ব্বে দেবৰ সমাজ॥
তোমাৰ নাতিক যেবে এতেক বুলিল।
তৈতে পাচে ভয়েবলী অন্তৰ্হিত হৈল॥
একদিনা বলীপাচে বৃষৰূপ ধৰি।
শূন্য গৃহে বাসবক লগাইল দাডুবি॥
বাসবে পুচন্ত বলীকেনে হেন কৈলা।
সৰ্ব্বলোক অধিপতি বলিবৰ্দ্দ ভৈলা॥
লজ্জানাহি বলিতোৰ প্ৰধান ৰাক্ষস।
মহামানী নাম তোৰ ভতৰাৰ বেশ॥