পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
শ্ৰীশ্ৰীদেবী ভাগৱত

স্বভাবে শীতল জল অগ্নি সঙ্গে তপ্ত।
অগ্নি অন্তৰালে পুনু নিজে হোৱে শীত॥
ক্ৰোধ চণ্ডালক সদা জ্ঞানিয়ে এৰিব।
এতেকে দৈত্যৰ প্ৰতি তুণ্ট হোৱা দেব॥
এত কহি দৈত্য পতি নিয়মি ৰহিল।
ক্ৰোধ ত্যাগি শুক্ৰাচাৰ্য্য বুলিবে লাগিল॥

দেব পৰাজয় ॥*॥

প্ৰহ্লাদ বচন শুনি জ্ঞানী ভৃগু পতি।
তুষ্টমনে মৃদুহাসি কহিল সম্প্ৰতি॥
ভয় নকৰিবা ৰসাতলে নযাইবা।
মন্ত্ৰ বলে ৰাখো মই এথাতে থাকিবা॥
সত্য ডিত বাক্য কহো শুনা পূৰ্ব্বতত্ত্ব।
ব্ৰহ্মাদেব স্থানে আমি শুনিছো যিমত॥
অবশ্য সময়ে শুভাশুভ দুই ঘটে।
দৈব খণ্ডিবাক পাৰে কাহাৰ সমৰ্থে॥
দৈবদোষে আজি তুমি হীন বলভৈা।
দেবে পৰাজয় কৈল পাতালে পশিলা॥
কাল প্ৰাপ্ত হইলে পুনুৰাজ্য প্ৰাপ্ত হইবা।
পৰম বৈভৰ তুমি সিকালে ভুগিবা॥