সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
চতুৰ্থ স্কন্ধ৷

কত ক্ষণে ক্ৰোধ মুখে ৰক্তা চক্ষু হুই।
মোক অনাদৰি কুহজালে মৃগ্ধ হুই॥
তান বশ ভৈল মোক অবিশ্বাস কৈল।
উন্মন্তৰ ফল হৰি হাতে হাতে দিল॥
কিকৰিবো মই আবে মোৰ কাৰ্য্য নাই।
ততে পুনু যাহ যৈত ৰূপটী আছয়॥
দেব কাধ্য লাগি যিটো দানবক বঞ্চে।
সিজন পৰম বন্ধু মোত কিবা আছে॥

প্ৰহ্লাদৰ মিনতি॥*॥


প্ৰহ্লাদে কহত্ত দেব তোমাৰ যাজক।
ভয় ভাত সৰ্ব্বজন আসিছে হেথাক॥
আতূৰ শিব্যক ত্যাগ নোহয় উচিত।
তোমাৰ সম্তান দেব তোমাৰ পালিত॥
শিব স্থানে মন্ত্ৰ লাগি যেবে তুমি গৈলা॥
তযু ৰূপ ধৰি দুষ্ট দৈত্যক বঞ্চিলা॥
অজ্ঞানৰাদোষ সাধু জনে নধৰয়৷
সকল জানিছা নিজে ক্ৰোধ কৰা কিয়॥
মুনি গণীকহে মহন্তৰ ক্ষণে ৰাগ।
পৰম তপসী তুমি হুয়োক বিৰাগ॥