পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্রীশ্রীদেবী ভাগৱত।

মহন্ত জনৰ ক্ষমাগুণে সে ভূষণ।
বঢ়া তুটা দোষ যেন কৰিয়ো মৰ্ষণ॥*॥

——•——

গ্ৰন্থাৰম্ভ।

জন্মেজয়ৰ প্ৰশ্ন॥

পদ।

সুতনি গদতি ঋষিশুনা তাত পাছে।
জন্মেজয় ৰাজা পূৰ্ব্বে ব্যাসক জিজ্ঞাসে॥
চন্দ্ৰ সূৰ্য্য বংশী নৃপ গণৰ আখ্যান।
তযুমুখে শুনি প্ৰভো যুড়াইল মন॥
আৰু শুনিবাক ইচ্ছা প্ৰকৃতি লক্ষণ।
কোন মন্বন্তৰে কোন ৰূপত পূজন॥
কৈত কৈত অবতাৰ আকাৰ ধাৰণ।
বিৰাট স্বৰূপে মুনি কৰহ কীৰ্ত্তন॥
জ্যোতি ৰ্ম্ময় নিৰাকাৰ পূজিবে নপাৰি।
সাকাৰ ভজিলে নিৰাকাৰে যাইবে পাৰি॥
ব্যাস নিগদতি ৰাজা কৰা অবধান।
যাহাৰ শ্ৰবণে নৰে পায় সৰ্ব্বকাম॥
পূৰ্ব্বত নাৰদ মুনি পৃথিবী পৰ্য্যটি।
গৈল বদৰিকাশ্ৰমে নাৰায়ণ যৈতি॥