পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
শ্ৰীশ্ৰীদেবী ভাগৱত।

সত্ত্বগুণে জাত দেব ৰজোগুণে নৰ।
তমো গুণে ভূত প্ৰেত সিশাঞ্চ চামৰ
অমৰণ গুৰু যদি মিথ্যা বাদী ভৈল।
ৰজ তনগুণে কৈত সত্য ধৰ্ম্ম ৰৈল॥
কৈত ধৰ্ম্ম ৰৈল মোৰ সন্দেহ ডাঙ্গৰ।
কোন গতি হৈব তেবে ত্ৰিলোক জীৱৰ॥
ব্ৰহ্মা বিষ্ণু ইন্দ্ৰ আদি আন আনদেব।
সৰ্ব্ব ছলবাদ যদি মনুষ্য কি হইব॥
বিশ্বামিত্ৰ বশিষ্ঠ বামদেৱ বৃহস্পতি।
ইটো সৰ্ব্ব পাপে ৰত অন্যৰ কি গতি॥
ইন্দ্ৰ চন্দ্ৰ অগ্নি দেব পৰস্ত্ৰী লম্পট।
ত্ৰিভুবনে সনাতন আৰ্য্য ধৰ্ম্ম কৈত॥
কাৰ উপদেশ মানো কাৰ কথা শুনো।
দেবঋষি মুনি যত মানে লোভী পুনু॥
ব্যাস কহে ৰাজা দেহধাৰী যতমান।
ব্ৰহ্মা কি শিবকি বিষ্ণু বৃহস্পতি আন॥
সমস্তে বিকাৰী সবে ইন্দ্ৰিয়ৰ বশ।
ৰাগা বিষ্ণু ৰাগী ব্ৰহ্মা ৰাগী কীৰ্ত্তিবাস॥
ৰাগী ভৈলে অকাৰ্য্য নকৰে কোনো নৃপ
ৰাগী লোকো বুদ্ধি বলে বিদেহী স্বৰূপ॥