পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
চতুৰ্থ স্কন্ধ।

অবিকাৰী দেহী ৰূপ তাক দেখা যায়।
শঙ্কটে পৰিলে কিন্তু গুণাবৰ্ত্ত হয়।৷
কাৰণ নুহিলে নোহে কাৰ্যৰ উৎপন্ন।
ব্ৰহ্মা বিষ্ণু আদি সবে গুণৰ কাৰণ॥
পঞ্চ বিংশ তত্ত্বে ইটো দেহুৰ গঠন।
কাল পাণ্ডে মৃত্যু ধৰ্ম্ম কেনে ধোকামন॥
পৰে উপদেশ দিবে দৰ্ব্বজান শিষ্ট৷
আত্ম কাৰ্য্যে হোৱে সবে বিভ্ৰম অশিষ্ট॥
কাম ক্ৰোধ লোক মোহ পৰ হিংসা ধৰ্ম্ম৷
ইটো এৰি দেহ ধাৰী কৈত হইবে কৰ্ম্ম।
কদাচিতো বিষ্ণুকৰে দাৰুণ তপস্যা৷
কতোবা কৰন্ত দানযজ্ঞ নানাঅৰ্চ্চা॥
কদাচিতো লক্ষ্মীসমে আনন্দে বিহৰে।
লক্ষ্মী বশ হুইৰহে বৈকুণ্ঠ নগৰে
কদাচিতো দৈত্য সমে কৰে ঘোৰ ৰণ।
দৈত্য অস্তে জৰ্জ্জৰিত হোবে জনাৰ্দ্দন॥
কদাচিতো জয় লভে কডু পৰাজয়।
স্বখ দুঃখ ভোগে হৰি নুহিকা সংশয়।
ভালমন্দ ৰূপেইটো সংসাৰ ৰাজণ!
শুভা শুভ ছুই ফল ইহাৰ কাৰণ॥