পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
চতুৰ্থ স্কন্ধ।

জন্মে জয়ৰ প্ৰশ্ন॥

পদ।

জন্মে জয় পুছে দেব গুৰু বৃহস্পতি।
কিকৰিল পৰে গুপ্তভাবে থাকিতবি॥
সৰ্ব্বশাস্ত্ৰ বিশাৰদ দেব পুৰোহিত।
ধীৰ মতি অঙ্গিৰা তনয় মহা ব্ৰত॥
হেন জনে চদ্ম বেশে দৈত্যক ছলিল।
ইহাৰ কাৰণ মুণি কহিয়ো সকল॥
সত্য মাত্ৰ ধৰ্ম্ম মূলক হে সৰ্ব্ব শাস্ত্ৰ।
মুনিয়ো কহন্ত সত্যে মাত্ৰ আত্ম প্ৰাপ্ত॥
বৃহস্পতি হেন গুৰু ইৰূপ আচাৰ।
গৃহস্থী লোকৰ মাঝে আছে কি বিচাৰ॥
ভোজতো অধিক মৎস খায় ইটো শুনি।
ত্ৰিলোক ঐৰ্শ্বা্্যবন্ত বৃহস্পতি মুনি॥
তথাপি আহাৰ অৰ্থে অবিহিত কায।
ঠগামী কৰিল গুৰু ধৰি ছদ্ম বেশ॥
মুখৰ বাক্যত যাৰ উছন্ন হোৱয়।
শিষ্টাচাৰ এৰি কেনে ঠগে প্ৰবৰ্ত্তয়॥