পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪শ্ৰী শ্ৰীদেবী ভাগবত।

আইস সবে মোৰ যজমান শিষ্য যত।
দিয়ো হিত বুদ্ধি অতিশয় বাক্য প্ৰীত॥
তোমাৰ কৈল্যান হেতু মন্ত্ৰ প্ৰাপ্তি আছে।
তপস্যাত কৈলো তুষ্ট দেব কীৰ্ত্তি বাসে॥
মহামায়া বিদ্যা পালে তপৰ প্ৰভাবে।
দিলন্ত মহেশ মন্ত্ৰ সৰ্ব্ব সিদ্ধি হবে॥
এত শুনি দৈত্য সব মহা প্ৰীতি ভৈল।
গুৰু মন্ত্ৰ লভি আছে যুদ্ধ ভয় গৈল॥
দেব ভয় গৈল সবে আনন্দে বিভোল।
প্ৰেমানন্দে প্ৰণামন্ত গুৰু পদতল॥
দেবতাক ভয় ত্যাগি আনন্দে বিহৰে।
বৃহস্পতি মায়া দৈত্য বুজিবে নপাৰে॥
ভৃগু শাপ নাম ইটো দ্বাদশ অধ্যায়।
শ্ৰবণে কীৰ্ত্তনে হয় পাপৰ প্ৰলয়॥
ভণিল গোপাল দেব পদ অনুবন্ধে।
ৰাম ৰাম বুলি সদা ভব পাশে বন্ধে॥