পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ স্কন্ধ।

বাক্যত প্ৰণাম কৰো সৰস্বতী আই।
শিৰত প্ৰনামো ইফ্টদেবতা গোঁসাই॥
সৰ্ব্বত্ৰতে বন্দো সন্ত সাধুজন পদ।
জ্ঞানী জনে মিনতি ক্ষমিয়ো অপৰাধ॥
স্ৰজিল পুৰাণ বৃক্ষ ব্যাস তপোধন।
অন্য শাস্ত্ৰে ডাল পত্ৰ কৰিল ৰচণ॥
ভাগৱত সাৰে বান্ধিলন্ত মূলতাৰ।
দেবী ভাগবত সৰ্ব্ব ৰহস্য আকৰ॥
চাৰিবেদ মথি সাৰ ইহাত ৰাখিল।
জানি জ্ঞানী সন্ত সাধু সবে পান কৈল॥
চতুৰ্থ স্কন্ধত জন্ম ৰহস্য সবাব।
নাৰায়ণ সনে ঘোৰ যুদ্ধ প্ৰহ্লাদৰ॥
দপ্তমে ইক্ষ্বাকু বংশ ত্ৰিশঙ্কু উদ্ধাৰ।
দুৰ্গাসুৰ বধ বিশ্বামিত্ৰ তপাচাৰ॥
নবমে ঈশ্বন তত্ত্ব ব্ৰহ্ম নিৰূপণ।
শঙ্খচূড় বধপৰ্ব্ব তুলসী আখ্যান॥
দ্বৈপায়ণে কৈলা পূৰ্ব্বে জন্মেজয় আগে।
নিস্তাৰিলা পিতৃ পাছে গৈল স্বৰ্গলোকে॥
এহি তিনি খণ্ড পদ ভাঙ্গিবাক আশে।
জ্ঞানী জন স্থানে কৰো মিনতি অশেষে॥