পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
চতুৰ্থ স্কন্ধ।

ইন্দ্ৰ লাগি পাপ কাৰ্য্য কৰিলি কিসক
নশাপো ইন্দ্ৰক মই শাপ দিবো তোক॥
প্ৰত্যক্ষে তামস গুণ তোহোৰ আছয়।
কীট যোনি জন্ম লহ তই দুৰাশয়॥
যিটো ঋষি তোহোক সাত্ত্বিক বলি কন্ত।
নোহে সিটো জন মনি মূৰ্খহে নিতান্ত॥
গৰ্ভবাসে পাপ ভোগ কৰ লক্ষ বাৰ।
মোৰ শাপে মৰ্ত্ত্যে জন্ম ধৰ দুৰাচাৰ॥
ব্যাস নিগদতি এহিৰূপে জনাৰ্দ্দন।
ধৰ্ম্ম নষ্ট হই জন্ম ধৰে পুনঃ পুনঃ॥
নৰ উপকাৰ লাগি মনুষ্য হোৱয়।
জগন্নাথ সদা পাপ যোনিকে ভোগয়॥


ভৃগুপত্নীৰ পুনৰ্জীৱন।

পদ।

জন্মেজয় বদতি কহিয়ো সবিস্তৰি।
ভৃগু ৰমণীক যেবে কাটিলন্ত হৰি॥
কিৰূপে গৃহস্থি ধৰ্ম্ম ৰাখিলন্ত ভৃগু।
পুনৰপি গৃহস্থি হইল মহাপ্ৰভু॥
 *৯*