পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
শ্ৰীশ্ৰীদেবী ভাগৱত।

হেন শুনি বেদব্যাসে বুলিলা সাদৰি।
বিষ্ণুক শাপিয়া পাছে ভৃগু দেৱ অৰী॥
পত্নীৰ মস্তক আনি দেহে যোড়া দিল।
উচ্ছকৰি মহা বাক্যে বুলিবে লাগিল॥
আজি দেবী! বিষ্ণু তোমা কৰিল নিহত।
মই জীবদান কৰো তপৰ বলত॥
যদি আচৰিছো মই ধৰ্ম্ম সনাতন।
সেহি ধৰ্ম্ম বলে হৌক তোমাৰ জীবন॥
দেখোক দেবতা সবে মোৰ তপ বল।
এহি বুলি ধালি দিল কমণ্ডলু জল॥
যদি সত্য শৌচ বেদ তপ বল মোৰ।
অশ্বমেধ শান্তি জলে জীব হৌক তোৰ॥
এত বুলি ভৃগু যজ্ঞ জলে শান্তি কৈল।
তেতিক্ষণে ভৃগুপত্নী জীবিত হইল॥
কটা মুণ্ড যোড়া লাগি উঠিয়া বসিল।
যেন নিদ্ৰা ভাঙ্গি লোকে জাগৰিত ভৈল॥
সতী সাধ্বী ভৃগু ভাৰ্য্যা উঠিয়া বসিল।
জগতে দেখিল যেনে নিদ্ৰায় জাগিল॥
সাধু সতী সাধু সাধ্বী সবে প্ৰশংসন্ত।
হেন ৰূপে ভৃগু পত্নী জীবিত ভৈলন্ত॥