পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
শ্ৰীশ্ৰীদেবী ভাগবত।

অথ বিষ্ণু প্ৰতি ভৃগুৰ শাপ।

পদ।

ব্যাস নিগদতি জন্মেজয় নৰবৰ।
ভৃগু দেখিলন্ত মুণ্ড ছেদন ভাৰ্য্যাৰ॥
পতি অগ্ৰে পত্নী বধ সহে কাৰ প্ৰাণ।
হউক মাধব কিম্বা স্বয়ং ভগবান॥
স্ত্ৰী, বধ মহত পাপ দেখি ভৃগু মুনি।
অতি শোকাতুৰে মাধৱক বোলে বাণী॥
নকৰিলি কাৰ্য্য ভাল জানি মহাপাপ।
মনে বিপ্ৰনাৰী বধা সিয়ো ঘোৰ তাপ॥
সত্বগুণে তই বিষ্ণু ৰজে ব্ৰহ্মাদেৱ।
তমোগুণে সংহাৰক বিভু সদাশিৱ॥
বিপৰীত তৈল আজি কৰ্ম্মৰ বিপাকে।
নিন্দা কৰ্ম্ম কৈলি কেনে তামসিক ভাগে॥
অবধ্য স্ত্ৰীজাতি বিষ্ণু কৰিলি নিধন।
আজি দুৰাচাৰ তোক শপিবো এখন॥
অন্য কি কৰিব তোক দিওঁ ঘোৰশাপ।
তই যেনে মোৰ মনে দিলি মহাতাপ॥