পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
চতুৰ্থ স্কন্ধ।

দেব দুঃখ দেখি ইন্দ্ৰ কহিল বিষ্ণুক।
দুঃখ ভয় ময়ো লভিছোহো অতিৰেক॥
তপোবলে অহঙ্কাৰ বাঢ়িছে বুড়িৰ।
ব্যভি চাৰ কৰ্ম্ম কৰিছন্ত দুৰাচাৰ॥
যাবে নতু নষ্ট কৰে আমা সবাহাক।
শীঘ্ৰে চক্ৰ হানি দেব বধিয়ে৷ তাহাক॥
ইন্দ্ৰ বাক্যে বিষ্ণু সুদৰ্শনক স্মৰিল।
স্মৰণ মাত্ৰকে চক্ৰ তৈত আনি ভৈল॥
ইন্দ্ৰৰ প্ৰাৰ্থনা মতে দেব জগন্নাথে।
ব্ৰাহ্মণী বধিবে লাগি চক্ৰ লৈলা হাতে॥
চক্ৰ হানি শুক্ৰ আইৰ শিৰ ছেদ কৈল।
দেখি শতক্ৰুতূ বৰ আনন্দ লভিল॥
সন্তোষে সকল দেব জয় ধ্বনি কৰে।
আপদ ভৈলন্ত দূৰ আনন্দ অন্তৰে॥
ইন্দ্ৰ বিষ্ণু দুয়ো ভৈল বিঘিনি খণ্ডন।
স্ত্ৰী বধে দুঃখিত ভৃগু শাপে নাৰায়ণ॥
একাদশ আধ্যা পদ মন্ত্ৰ লভ্য নাম।
ভণিল গোপাল দেব বোলা ৰাম ৰাম॥