পৃষ্ঠা:শঙ্খচুড় বধ.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
শ্ৰীশ্ৰীদেবী ভাগৱত।

যদি মই সত্য সিদ্ধ তপ আছো কৰি।
আজি দেবতাক নিদ্ৰাবাণে নিও মাৰি॥
এত বুলি নিদ্ৰাদেবী আদেশ কৰিল।
আদেশ মাত্ৰকে নিদ্ৰা দেবক লাগিল॥
নিচলি পৰিল দেব যৈত যিবা ছিল।
ইন্দ্ৰসমে সৰ্ব্বদেব নিদ্ৰা আকৰ্ষিল॥
ইন্দ্ৰ নিদ্ৰা দেখি বিষ্ণু বিষণ্ণ ভৈলন্ত।
মেৰি দেহে প্ৰবেশ কৰহ বুলিলন্ত॥
এত বুলি প্ৰবেশাইল বিষ্ণুৰ দেহত।
বিষ্ণুত প্ৰবেশি ইন্দ্ৰ লভিলন্ত স্বস্থ॥
হৰি ৰাখিলন্ত ইন্দ্ৰ সুখে নিদ্ৰা যাই।
দেখি ক্ৰোধে বিষ্ণু প্ৰতি বোলে শুক্ৰ আই॥
ইন্দ্ৰ তোক ভক্ষ কৰো বিষ্ণুৰ সহিতে।
দেখোক মোহোৰ তপোবল ত্ৰিজগতে॥
ব্যাস নিগদতি বুড়ি এতেক বুলিয়া।
যোগ বলে বিষ্ণু ইন্দ্ৰ দুহাঙ্কো বান্ধিয়া॥
স্তবধ কৰিল দুইকো সকলে দেখিল।
বিচুৰ্ত্তি বিহ্বল সবে গুণনি লাগিল॥
দেবতাৰ ভয় জানো সবাকে ঘালয়।
যোগ অগ্নি তেজে আজি সবে ভস্মহয়॥