পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীদেবী ভাগৱত।

চতুৰ্থ স্কন্ধ।
শঙ্খচূৰ বধ।

অথ বন্দনা।
শ্ৰীকৃষ্ণায় নমঃ।
নমে৷ দুৰ্গায়ৈ।

প্ৰথমে প্ৰণামো আদি ব্ৰহ্মা নিৰঞ্জন।
ব্যাপক ঈশ্বৰ সৰ্ব্ব শক্তি সনাতন।
চৰাচৰ জগতৰ কাৰণ স্বৰূপী।
প্ৰণামোহে৷ ভগবতী আদ্যা শক্তি ৰূপী॥