পথ॥......কৃষ্ণৰ চৰণ চিত্তে চিন্ত হৃদয়ত। কৃষ্ণৰেসে অংশ মই মানিবা মনত॥”
‘সবাকো বিয়াপি আছে পুৰুষ-প্ৰধান। জানি হৰি বুদ্ধি কৰে সবাকো সম্মান॥ কাৰো লগে অতিশয় নকৰি বিবাদ। একোৱে প্ৰাণীক মনে নিদিব বিষাদ॥ দেহৰ নিমিত্তে এৰিবেক বৈৰ-বুদ্ধি। তেবেসে কৃষ্ণক পায় চিত্ত হোৱে শুদ্ধি॥"
মাৰ্কণ্ডেয খষিয়ে মহাপ্ৰলয়ৰ জলত উটি বুৰি ফুৰোঁতে বটবৃক্ষৰ পাতত শুই থকা যি বালমুকুন্দক দেখিছিল, সেই বালমুকুন্দৰ কেনে সুন্দৰ বৰ্ণনা “দ্বাদশত” আছে,-"এহি হন্তে ভ্ৰমন্তে দেখিল
কদাচিত। মহাবটবৃক্ষ ফল পল্লৱে শোভিত॥ পৃথিৱীৰ উন্নত প্ৰদেশে বহি আছে। লাহে লাহে সমীপ চাপিল তাৰ পাছে॥ কিছু কিছু কৰি পাছে দৃষ্টি বলাই চাইল। ঐশানৰ শাখাত শিশুক ভেঁট পাহল॥ বটপত্ৰ পুটে কৰি আছন্ত শয়ন। শৰীৰৰ কান্তি কৰে দিশক প্ৰসন্ন॥ চৈধ্যয় ভুবনে নাই ৰূপক উপাম। তনু সুকুমাৰ মহা মৰকত শ্যাম॥ সুন্দৰ বদন-চন্দ্ৰ নৱপদ্মকোষ॥ অৰুণ পঙ্কজ-নেত্ৰ দেখন্তে সন্তোষ॥ সুসম নাসিকা সুবলিত ভ্ৰূব দুই। সচল অলকাপান্তি দেখি সুখী হুই॥ অৰুণ অধৰ চাৰু প্ৰবাল অঙ্কুৰ। হাস্যত বৰষে যেন অমৃত প্ৰচুৰ॥ পদ্মগভ অৰুণ নেত্ৰ প্ৰান্তদেশ। হাস্য নিৰীক্ষণ সুকোমল বক্ৰ কেশ। তিনি ৰেখা সহিতে প্ৰকাশে কম্বু গল। সিংহবন্ধ স্কন্ধ বহল বক্ষস্থল॥ শঙ্খ প্ৰায় কৰ্ণ দুই বলয় বলিত। মনোহৰ দাড়িম্ব কুণ্ডলে সুশোভিত|| সুন্দৰ উদৰ অশ্বস্থৰ পত্ৰ নয়। নিম্ন তিনি ৰেখা তাতে জলে আতিশায়॥ ত্ৰিবলি বলিত নিশ্বাসতে আতি