পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৫২ শঙ্কৰদেৱ প্রধান শিষ্যসকলক শঙ্কৰদেৱৰ ওচৰলৈ আকৰ্ষণ কৰি আনিছিল । তাৰ উল্লেখ আছে। নাৰায়ণ ঠাকুৰে ভাস্কৰাচাৰ্য্যৰ মুণে শঙ্কৰদেৱৰ গুণ গৰিমা শুনি তেওঁৰ ওচৰত ধৰ্ম্ম ধৰিবলৈ আদি বাটত খৰি কটীয়া ভকত কেতবোৰৰ মুখত ‘মন মেৰি ৰাম চৰণহি লাও” এই গীতটোৰ ভণিতাত শঙ্কৰদেৱৰ নাম শুনি সেই খৰি-কটীয়াসকলৰ । নির্দেশ অনুসাৰে শঙ্কৰদেৱৰ পদপ্রার্যত উপস্থিত হল হি। ৰামৰায় আতাৰ কন্যা কমলাপ্ৰিয়া দেবীৰ মুথত “পামৰ মন ৰামচৰণে চিত্ত দেছ” এই গীতটো শুনি তেওঁৰ স্বামী চিলাৰায় দেৱানে শঙ্কৰৰ মহিমা বুজি তেওঁত শৰণ প্রার্থনা কৰে । শিষ)ত্ব গ্ৰহণ কৰাৰ পিছত চিলাৰায় দেৱানে শঙ্কৰদেৱৰ বৈষ্ণব ধৰ্ম প্ৰচাৰত কিমান সহায় কৰিছিল সেইটো ইতিহাসৰ কথা । ৰচনাৰ মাধুৰ্য্য আক ভাবৰ গাম্ভীৰ্ঘ্যৰ লগে লগে বঙ্গীতবোৰৰ লোকপ্ৰিয়তাৰ আন এটি কাৰণ হৈছিল মাধবদেৱৰ মুগায়কত্ব । মাধবদেৱ এফালে যেনে মৰ্ম্মস্পর্শী কবি আন ফালে তেনে মনো মুখকাৰী গায়ক আছিল। এখন পুৰণি পুথিত মাধৱদেৱৰ গীত নৈপূণ্যক লক্ষ্য কৰি কোৱা আছে যে তেওঁ আগৰ অন্মত গন্ধৰ্ব্ব আছিল। আৰু পুৰণি কালত এনে এটি সময় এাছিছিল যে ভণিতাত মাধৱদেৱৰ নাম নাথাকিলে কোন গতেই গ্ৰক সমাজত লীত নহৈছিল । সেই কাৰণে দেখা যায় ৰাতিথোৱা আদি সম্প্ৰদায়ৰ ভক্তসকলৰ মুখে মুখে বাগৰি ফুৰা দেহবিচাৰৰ গীতবোৰৰ ভণিতাতো মাধবদেৱৰ নাম আছে। আজিকালিও গাৱলীয়া মাতুহবোৰে গীত ৰচনা কৰি কেতিয়াবা কেতিয়াবা "কহয় মাধৱ দাসে” বুলি ভণিতা পেলায় ।