পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
শঙ্কৰদেৱ।

কাব্য ছপা হৈ ওলাইছে, কিন্তু গুচৰিতত উল্লিখিত তেওঁৰ দশমৰ পদ এতিয়াও আবিষ্কৃত হোৱা নাই।

 ইমানবোৰ গীত, পদ আদিৰ ভিতৰতো শঙ্কৰদেৱ আৰু মাধৱদেৱৰ বৰগীতবোৰে তেতিয়াৰ সাহিত্য আৰু সমাজত এক যুগান্তৰ উপস্থিত কৰিছিল। বৰগীতবোৰৰ ভাব, ভাষা আৰু সুৰ একেবাৰে নতুন ধৰণৰ। আন গীত পদবোৰ ৰামায়ণ আৰু পুৰাণ আদিক আশ্ৰয় কৰি ৰচিত হলেও লৌকিক ভাবত বাজে ধৰ্ম্ম আৰু ভক্তিৰ উচ্ছাস সেইবোৰত সমূলি নাই। ঠায়ে ঠায়ে ৰসাল আৰু কবিত্বপূর্ণ হলেও সেইবোৰ মুখ্যভাবে লোকৰঞ্জনৰ নিমিত্তে ৰচিত হৈছিল। তাৰ ভিতৰৰ ভালেমান কবিতা প্রেমৰসাত্মক, কিন্তু সেই প্রেম সাধাৰণ নায়ক-নায়িকাৰ কামভাব পূর্ণ-প্রেমহে। শঙ্কৰদেৱ আৰু মাধৱদেৱে গীত আৰু কবিতাক নব প্ৰচাৰিত ভক্তিৰসেৰে অভিষিক্ত কৰি অসমীয়া সাহিত্যক আধ্যাত্মিকতাৰ ওখ ভেটিত থাপনা কৰি ঈশ্বৰাভিমুখী কৰি তুলিলে; আৰু লগে লগে মানুহৰ মনকো ওপৰৰ ফালে ঢাল খুৱাবলৈ চেষ্টা কৰিলে। সময়ে সময়ে লব্ধপ্ৰতিষ্ঠ পুৰণি কবিসকলৰ পদত নবপ্রচাৰিত ভক্তিৰসৰ সংযোগ কৰি সেইবোৰক সময়োপযোগী কৰি ৰক্ষা কৰিছে আৰু আন সময়ত সাধাৰণ মানুহৰ মন যোগাবলৈ গীত কবিতা ৰচোতা অৰ্ব্বাচীন কবিসকলক তাচ্ছীল্যেৰে উপলুঙা কৰি তলত পেলাইছে। ধৰ্ম্ম আৰু সমাজ গঠনৰ দৰে সাহিত্যক্ষেত্ৰতো এই মহাপুৰুষ দুজনে পূৰ্ব্বৰ গৌৰৱ অখুন্ন ৰাখি বৰ্ত্তমানৰ ভেটি শকত কৰি ভৱিষ্যতৰ দুৱাৰদলিত থিয় হৈছিল।