পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
লৱ-কুশৰ যুদ্ধ

এহি বুলি ৰামে ধৰিলন্ত ধনু শৰ।
নৰাচ নাৰিক শৰ হানিলা বিস্তৰ॥
কুশ এৰিয়া শৰ পৰে পৃথিবীত।
হেন দেখি ৰামে বৰ গুণয় মনত ॥৩৪৬
ইহাক মাৰিবে লাগি মােৰ ভৈলা ইচ্ছা।
যত শৰ মাৰিলােহো সবে ভৈলা মিছা॥
এহিমতে ৰামসেনা সমস্তে মৰিল।
বালিত নৰহে যেন অল্প বৃষ্টিজল ॥৩৪৭
পুনৰপি ৰামে শৰ মাৰিলন্ত ডাটি ।
দুইখান কৰি কুশে পেলাইলন্ত কাটি॥
যত যত শৰ মানে মাৰিলা ৰাঘৱে ।
সমস্তে পেলাইলা কাটি কুশে সেহি ঠাৱে ॥৩৪৮
ৰামক মাৰিলা শৰ কুশে মৰ্ম্মস্থানে।
হলহলি তেজ বহে নাক মুখ কাণে॥
ৰামে জানিলেক হেন দুইয়ো সোদৰ।
এবে কি কৰিব বুলি ভৈলন্ত বিকল ॥৩:৯
সীতাসম মুখ দেখি মনত বিস্ময়।
আৰো কুশ শৰে ফুটি কম্পয় হৃদয় ॥
এহিমতে শােক ৰামদেৱৰ গাৱত।
তমােময় দেখি ৰাম পৰিলা ৰথত ॥৩৫০
ৰাম হত দেখি দুয়ো কৰে সিংহনাদ।
প্রলয় কালৰ যেন মেঘৰ শৱদ॥