পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০
লৱ-কুশৰ যুদ্ধ

লৱ-কুশৰ সীতাৰ আগত ৰাম আদি চাৰি ভ্ৰাতৃৰ বধৰ বাতৰি আৰু হনুমান-জাম্ববানক বান্ধি লৈ উপহাৰ

জৈমিনি বদতি শুনিয়ােক নৰপতি।
ৰাম যেবে পৰিলেক কটক সহিতি ॥৩৫১
পাচে কুশ কুতূহলে গৈলা আগবাঢ়ি ।
ৰামৰ গাৱৰ অলঙ্কাৰ লৈলা কঢ়ি॥
কেয়ূৰ কঙ্কণ মণি সাতসৰি হাৰ।
কিৰীটি কুণ্ডল আন যত অলঙ্কাৰ ॥৩৫২
উজ্জন্টিক আদি কৰি আছে যত যত।
সবাকে পিন্ধিলা আনি কুশৰ গাৱত॥
লক্ষ্মণৰ অলঙ্কাৰ পাইলাম যত মানে।
কাঢ়ি পিন্ধিলেক লৱ সমস্ত আপুনে ॥৩৫৩
কুশক সম্বুধি লৱ বুলিলেক হাসি।
যুজন্তে বাণিজ্য খান মিলিলেক আসি॥
সম্প্রতি তােমাৰ তেবে অনুমতি পাওঁ।
হনুমন্ত বান্দৰক বান্ধি লৈয়া যাওঁ ॥৩৫৪
সৰ্ব্বদায় মাৱে বাৰৰ কথা কন্ত।
দেখিলে মাতৃয়ে বৰ হৰিষ হৈৰন্ত॥
ৰামৰ ৰথত তুমি উঠিয়ােক পথে।
এতিক্ষণে ময়ো উঠো লক্ষ্মণৰ ৰথে ॥৩৫৫
জাম্বুৱন্ত প্ৰমুখ্যে যত সেনা পাওঁ।
মাতৃয়ে কৌতুক হৌক বন্দী কৰি নেওঁ ॥