পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
লৱ-কুশৰ যুদ্ধ

নীলৰ যতেক তেজ পৰে ধৰণীত।
সেহি সব নীলময় দেখায় তহিত॥
অদভুত দেখি কুশ ভৈলন্ত বিস্ময়।
কেনমতে যুজিবাে সকলে নীলময়॥৩৪১
নীল নামে এক বীৰ আছিলেক আগে।
অসংখ্যাত নীল ভৈলা মােৰ কৰ্ম্মভাগে ॥
কতোবেলি থাকি পাচে গুণিলা মনত।
ঋষিৰ প্ৰতাপ আজি দেখাবাে ৰণত॥৩৪২
মন্ত্র পঢ়ি কুশে শৰ ধৰিলা দুনাই।
কুশৰ ধনুৰ হন্তে শৰপাট যায়॥
নীলৰ গাৱত পৰি শােধিলা শােণিত।
পাচে আন শৰে কুশে কাটিলা তহিত॥৩৪৩
উপাধি কৰিলা যেবে পৰিলা সমৰে।
প্রথমত নীল বীৰ আছে একেশ্বৰে॥
তাক কাটি পেলাইলন্ত সীতাৰ সন্তান।
ভাঙ্গিল কটকসব পাই বৰ টান ॥৩৪৪

শ্ৰীৰামচন্দ্ৰৰ লগত লৱ-কুশৰ যুদ্ধ আৰু শ্ৰীৰামচন্দ্র নিহত

একেশ্বৰে ৰামদেৱ আছিলা তহিত।
শোকে অপমানে তান বিয়াকুল চিত্ত ॥
সবে কুটুম্বক মাৰিলোহো সামৰাজে।
এবে যুদ্ধ এৰিয়া আছােহো কোন কাজে ॥৩৪৫