পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
লৱ-কুশৰ যুদ্ধ

সুগ্ৰীৱ বদতি শুনিয়ােক ৰামদেৱ।
অনাদিত হন্তে হৈল আন নুহি কেৱ॥
নজানাে তোমাৰ থানে দেখি কি কাৰণে।
যি জানিলো সি কহিলাে তােমাৰ চৰণে ॥৩৩৬

সুগ্ৰীৱ-নীলৰ লগত লৱ-কুশৰ যুদ্ধ

তােমাৰ কটক যত এহি থানে আছে।
তাৰাসবে যুজোক আপুনি যুজা পাচে॥
প্ৰথমতে যুজো আমি তুমি থাকা চাই।
তুমি বিনে ইহাৰ সমৰে কেহ নাই ॥৩৩৭
ভয়ঙ্কৰ বৃক্ষগেট তুলি লৈলা হাতে।
এহি গােটে মাৰো বুলি তুলি লৈলা মাথে॥
বৃক্ষগােট আসে দেখি সীতাৰ সন্তান।
তৃণবত কৰি বৃক্ষ কাটিলা তেখন ॥৩৩৮
পুনৰপি কুশ বীৰে ধনু শৰ ধৰি।
সুগ্ৰীৱ বীৰক ভেদিলেক দৃঢ় কৰি॥
সেহি শৰে সুগ্ৰীৱ মূৰ্চ্ছিত বেশ ভৈলা।
ৰহ ৰহ বুলি নীল বীৰ খেদি গৈলা ॥৩৩৯
নীল বীৰে আসে দেখি সীতাৰ তনয়।
মহাকোপে আটোপে হানিলা শৰচয়॥
কুশৰ শৰৰ যেবে প্ৰহাৰক পাই।
নীলৰ গাৱৰ হন্তে তেজ বহি যায় ॥৩৪০