পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লৱ-কুশৰ যুদ্ধ

ঝাণ্ট কবি সাজিয়াে যজ্ঞৰ যত সাজ।
আসিলা পূর্ণিমা বিলম্বত নাহি কাজ ॥৩
অশ্বমেধ যজ্ঞৰ ঘোৰা দিগ্বিজয়ৰ কাৰণে এৰি দি
 সসৈন্যে শত্রুঘ্নৰ অনুসৰণ

পুনৰপি ৰামে হেন বুলিলা বচন।
বিলম্ব নকৰি কৰা যজ্ঞক সাধন ॥
ৰামৰ বচনে ঋষি গৈলা ঘােৰাশালে ।
বাছিলেক ঘােৰা শুক্লবর্ণ যে সকলে॥৪
লাঞ্জ হৰিদ্ৰাৰ বৰ্ণ মুখ যে পাণ্ডুৰ।
হেন ঘােৰা বাছি আগ কৰিলা ৰামৰ ॥
ঘােৰা দেখি ৰামচন্দ্রে চালিলেক গাৱ ।
পাদ্য অর্ঘ দিয়া পূজিলন্ত বহুভাৱ ॥৫
ঘােৰাক পখালি চন্দনৰ লেপ দিলা।
সুৱৰ্ণৰ অলঙ্কাৰে শৰীৰ মণ্ডিলা॥
সেহি দিন অশ্বব্ৰতী ব্ৰত আৰম্ভিলা।
সুৱৰ্ণৰ পত্ৰ ঘোৰা কপালে আৰিলা ॥৬
সেহি যে পত্ৰত লেখি বিস্তৰ বচন।
দশৰথসুত ৰাম কৌশল্যানন্দন॥
কৌশল্যাৰ সুত ৰাম বীৰ অতি সাৰ ।
ধৰােক মােহােৰ ঘােৰা বল আছে যাৰ ॥৭
তিনি ভাৰ সুৱর্ণক গাৱে গাৱে দিলা।
এক পােহা ৰত্ন দিয়া মন সন্তোষিলা॥