পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লৱ-কুশৰ যুদ্ধ

নানা দিশ হন্তে যত যত আছে আসি।
ৰামে আনি দিলা দান দ্বিজে লৈলা হাসি॥৮
দুখী ভুখী দেশান্তৰী আছিলেক যত।
সবে তুষ্ট হৌক ৰাম দেৱৰ সম্মত॥
অনন্তৰে শত্ৰুঘনে ৰাঘৱ বদতি।
ৰাখিয়োক হয় বাপু হুয়া সেনাপতি॥৯
সবাৰ প্ৰসাদে যজ্ঞ কৰিবাক চাওঁ।
তেবেসে ৰাৱণ বধ পাতক এৰাওঁ॥
শত্ৰুঘন বদতি শুনিয়ো ৰামদেৱ।
তুমি সম আমাৰ সুহৃদ নাহি কেৱ॥১০
এৰিয়োক চিন্তা মই ৰাখিবোহো হয়।
আছোক মনুষ্য দেৱতাকো নাহি ভয়॥
হেন শুনি ৰামচন্দ্ৰে মেলিলেক হয়।
দশোদিশ সৰ্ব্বজনে কৰে জয় জয়॥১১
ত্ৰিজগত লোকৰ মিলিল মহোৎসৱ।
দশেদিশ চানি মাত্ৰ শুনি জয়ৰৱ॥
শত্ৰুঘন লৰি গৈলা ঘোৰাৰ পাচত।
তিনি অক্ষৌহিণী সেনা লৰিলা লগত॥১২
গ্ৰাম নগৰৰ হাটি বাটি বন গিৰি।
ইচ্ছাৰূপে ৰামৰ ঘোটকে আছে ফুৰি॥
অল্পবল ৰাজা মানে ৰামনাম দেখি।
আগ বঢ়াইলেক ঘোৰা সমৰ উপেখি॥১৩