পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
লৱ-কুশৰ যুদ্ধ

এবে তৈতে জীয়ে ঘােৰা ধৰ দুই ছাৱা।
ঝাণ্ট কৰি দূত পঠাই বার্ত্তাসব লােৱা ॥২৩৬
তিনিয়াে লােকত যত মুনিষ প্রধান।
কেহো নাহি বীৰবৰ লক্ষ্মণ সমান॥
কুপিত লক্ষ্মণ যদি সােপানত দেখি।
বিনা যুদ্ধে মাৰিবেক আছে কত লেখি॥২৩৭
সেহিমতে লক্ষ্মণে বিস্তৰ সেনা লই।
ভ্রাতৃৰ সন্তাপে যুদ্ধ কৰিলন্ত যাই॥
নাহি আন সহায় ছৱাল দুইজন।
লক্ষ্মণক ভয় হন্তে লৈলেক শৰণ ॥২৩৮
সমৰ ভূমিত লক্ষ্মণৰ ক্রোধ দেখি ।
পলাইলা ছৱাল দুই সমৰ উপেখি॥
তাক যান্তে খেদি নিলা লক্ষ্মণ বােপাই।
কৰন্ত কাতৰ তাৰ মাতৃ লাগ পাই ॥২৩৯
স্বভাৱতে স্ত্রী জাতি বচন কোমল।
আৰো পুত্ৰ ভঙ্গ দেখি ভৈলেক বিকল॥
অনেক কাতৰ কিবা কৰে তাৰ থান।
সি কাৰণে লখাইৰ বিলম্ব এতমান ॥২৪০
সফল ছাৱাল দুই দাৰুণ নির্ভয়।
মােৰ নাম শুনিয়া তথাপি ধৰে হয়॥
লক্ষ্মণৰ যত কথা ছাৱালে নজানে।
মৰিবাক ডৰ নাই ঘােৰা ধৰি আনে ॥২৪১