সমললৈ যাওক

পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯
লৱ-কুশৰ যুদ্ধ

অঙ্গদ সুগ্রীৱ বিভীষণ হনুমন্ত।
একে একে ত্রিভুৱন জিনিতে পাৰন্ত॥
তাসক নগণি আমাৰ ঘােৰা ধৰে।
কালে আসি গ্রাসিলে আপােন দোষে মৰে ॥২৪২
ঝান্ট কৰি ভৰত পঠায়াে দূতলোক।
লক্ষ্মণৰ কথা আনি জানায়ােক মােক॥
ৰামৰ আদেশ বাণী শুনিয়া ভৰতে।
পঞ্চজন দূত আনি যােগাইলা আগতে ॥২৪৩
দেখিতে সুন্দৰ আতি ৰহস্য কথাতে।
আদেশ দেৱতা বুলি নমিলন্ত মাথে॥
প্রণাম কৰিয়া কৰযােৰে ভৈল থিয়।
ৰামে দেখি বুলিলন্ত হৌক চিৰঞ্জীৱ ॥২৪৪
শত্রুঘ্নৰ সন্তাপে লক্ষ্মণ গৈলা ধাৰে ।
মােহােৰ বচনে তাক আনিয়াে সত্বৰে ॥
লক্ষ্মণত কহিবা মােহােৰ হেন বাক।
সহিবে পাৰন্ত যেন নমাৰে ছাৱাক ॥২৪৫
পৰৰ পুত্ৰক দয়া যি জনে কৰন্ত।
অন্তকালে হৱে সিটো ধনী পুত্ৰৱন্ত॥
সি কাৰণে পৰৰ পুত্ৰক দয়া মােৰ।
নজানিয়া জানাে মাৰে যায়ােক সত্বৰ ॥২৪৬
অপুত্রক মই পৃথিবীত ভৈলো জাত।
নেদেখিলে পুত্রমুখ জানকী সীতাত॥