পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭
লৱ-কুশৰ যুদ্ধ

ৰথেসমে সূৰ্য্য যেন আকাশক এৰি।
নিজ ৰশ্মি এৰি পৃথিবীত থাকে পৰি ॥২৩১
সেহি সময়ত অসংখ্যাত গজ-বাজী।
কুশক যুজিবে লাগি ভেন্টিলেক সাজি॥
হেন দেখি খাণ্ডা বাৰু ধৰি কুশ বলী।
হস্তী আদি কৰি সব সৈন্য ৰণস্থলী ॥২৩২
বিস্তৰ কটক পৰি সুধা ভৈলা ঠাই।
ৰণ জিনি দুয়াে ভাই ভৈলা এক ঠাই ॥
আপােনাৰ অস্ত্র-শস্ত্ৰ লৈলা দুয়াে যত ।
থাকিলেক দুয়াে বীৰ নিৰ্ভয় মনত ॥২৩৩

লক্ষ্মণৰ বাতৰি পাবলৈ ৰামৰ উৎকণ্ঠা আৰু দূত-প্ৰেৰণ

জৈমিনি বােলে শুনা জন্মেজয় ৰায় ।
লক্ষ্মণ শত্রুঘ্ন পৰিল যে দুয়ো ভাই॥
সকল সেনাক মাৰিলেক সীতা-সুত।
পাচে যেন কথা ভৈলা শুনিয়ো প্রস্তুত ॥২৩৪.
সেহিবেলা ৰামদেৱ গঙ্গাৰ কাষৰে।
সজাইলেক ঘৰসব অনেক বাসৰে॥
ঋষিলােক সহিতে আছন্ত সেহি ঠাই।
ৰামে হেন বুলিলেক ভৰতক চাই ॥২৩৫
শুনিয়ো ভৰত দূত পঠায়ােক গৈয়া।
নাসিলা লক্ষ্মণ শত্রুঘ্নক জীয়াইয়া ॥