পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
লৱ-কুশৰ যুদ্ধ


লৱৰ স্তুতিত সূৰ্য্যৰ দিব্য ধনু দান

এহিমতে দিল লৱে কুশক উত্তৰ।
আচমন কৰি ভৈলা শুদ্ধ কলেৱৰ।।
কৃতাঞ্জলি হুয়া অৱনত কৰি কায়।
কৰিলন্ত স্তুতি সূৰ্য্যদেৱক যে চায় ॥১৬৮
হুয়ােক প্রসন্ন প্রভু নামে দিবাকৰ।
চৰাচৰ প্রাণী জগতৰ হিতকৰ।।
নমাে দিনপতি নমাে ত্রৈলােক্যৰ নাথ।
নমাে ৰবি সমস্ত জ্যোতিৰ পৰমাৰ্থ ॥১৬৯
নমাে সপ্ত তুৰঙ্গম ৰথৰ অধিপ।
নমে ৰাগ ত্রিকন্টিকা জগত প্রদীপ ।
নমো সুৱৰ্ণৰ বৰ্ণ সহস্ৰ কিৰণ।
নমাে ভগৱন্ত সূৰ্য্য স্বৰূপ কাৰণ ॥১৭০
নমাে ঋক যজু সাম অথৰ্ব্বনায়ক।
নমাে বিষ্ণুৰূপ দেৱ বাঞ্ছিতদায়ক।।
অচিন্ত্য লােকৰ তুমি কুশল কাৰণ।
অষ্টাঙ্গে প্রণামো প্রভু তােমাৰ চৰণ ॥১৭১
জৈমিনি বদতি শুনিয়ােক জন্মেজয়।
লৱৰ কাতৰে সূৰ্য ভৈলন্ত সদয়।।
শৰীৰত বল দিলা অসংখ্য প্রমাণ।
সুৱৰ্ণ ৰচিত দিলা দিব্য ধনুখান ॥১৭২