পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
লৱ-কুশৰ যুদ্ধ

সুৱৰ্ণ পাখীয়া শৰ দিলা বহুতৰ।
অনেক যক্ষৰ চিহ্ন ধনুৰ উপৰ।।
দৃঢ়তৰ গুণগাছ তাত দিয়া আছে।
তাক দিয়া সূৰ্য্য অন্তৰ্দ্ধান ভৈলা পাচে॥১৭৩

লক্ষ্মণৰ লগত লৱ-কুশৰ যুদ্ধ

ধনু পায়া লৱৰ হৰিষ ভৈলা মন।
হাসিয়া কুশক চাই বুলিলা বচন।।
এবেসে মনৰ মই প্ৰমাদ এবাইলো।
ঋষি উপদেশে মই দিব্য ধনু পাইলো।।১৭৪
একেশ্বৰে পাৰো মই আৰো তুমি সখা।
আজি সমৰত মোৰ পৰাক্ৰম দেখা।।
অনন্তৰে লৰিলা সীতাৰ দুই শিশু।
সাক্ষাতে দেখিয় যেন বায়ু বিভাবসু॥১৭৫
ৰামৰ কটক লক্ষ্মণৰ প্ৰতিপাল।
মাজত পশিলা দুই সীতাৰ ছৱাল।।
শৰে হানি সেনাগণ কাটিলা সকল।
পৰ্ব্বত উপৰে যেন বৰষিলা জল॥১৭৬
যিবেলাত ৰণত পশিলা দুয়ো ভাই।
হুলস্থুল আন্দোল মিলিলা সেহি ঠাই।।
দুই মত্ত সিংহ যেন আন্দোল কৰিলা।
অমৃত মথন্তে যেন সাগৰ কম্পিলা॥১৭৭