সমললৈ যাওক

পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
লৱ-কুশৰ যুদ্ধ

হাসিয়া বােলন্ত লৱ শুনিয়ােক ভাই।
তােমাৰ প্ৰসাদে খানিতেকো ভয় নাই ॥১৬২
সমস্ত সেনাক মাৰিববাহাে সমৰত।
কুমুৰাত খাণ্ডাৰ প্ৰহাৰ যেনমত।।
কলক যেমত গুৰি কাটিয়া পেলায়।
ৰিপু সেনাযূথক মাৰিবো সেহিপ্রায় ॥১৬৩
যেনমতে পকা আম জোকাৰি পেলায়।
সেহিমতে ৰিপুসেনা মাৰিবো নিশ্চয়।।
তােমাৰ আগত সেনা তৃণৰ সদৃশ ।
নিজবাৰ পানীক অগনি কৰে কিস ॥১৬৪
সিংহক যুজিতে পাৰে ছাগলৰ ধাৰে ।
সাগৰক বান্ধি ৰাখে খেৰৰ পাথৰে।।
মাকৰাই মেৰু শৃঙ্গ ভাঙ্গিবাক পাৰে।
সান্থৰি পিম্পৰা পাব হয় কি সাগৰে ॥১৬৫
এৰি আন কথা ঝাণ্টে উঠিয়ো দদাই।
দেখা সেনাগণ কেনমতে আসে ধাই॥
লগাওঁ আউল সেনামধ্যে শৰবৃষ্টি কৰি।
পাচে খেদি খেদি মই কাটো ধৰি ধৰি ॥১৬৬
একেসে কাৰ্য্যতে মােৰ কাম্পে হৃদি তনু।
প্রথম যুদ্ধত মােৰ কাটা গৈলা ধনু।।
যাৱদেকে ধনু মাগো সূৰ্যত কাৰুণ্যে।
তাৱদেকে সাৱধানে থাকা তুমি ৰণে ॥১৬৭