পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
লৱ-কুশৰ যুদ্ধ

ৰাতুল পতাকা চিহ্ন ৰথ উপৰত।
ৰাতুল পুষ্পৰ মালা পিন্ধিছে শিৰত॥
ৰূপে যেন শোভে কামদেৱ সমসৰ।
সবাকো বুলিবে পাৰি ৰাজাৰ কুমাৰ॥১৫২
হেন থানে সৈন্য সাজি চলিলা লক্ষ্মণ।
ইচ্ছাৰূপে সাজিলন্ত সুন্দৰ সুঠান॥
লক্ষ্মণৰ লগে সেনা চলে যত যত।
শুক্ল বস্ত্ৰ পৰিধান সবাৰো গাৱত॥১৫৩
তৰুণ দাৰুণ নিকৰুণ সেনা বল।
সবাৰো যে দণ্ডছত্ৰ পতাকা ধৱল॥
একে যে ভাৰ্যাত পৰে নাজানে আনক।
সবে মহা ধৰ্ম্মশালী সুন্দৰ কটক॥১৫৪
আপুনি লক্ষ্মণ অধিপতি ভৈলা যাৰ।
কালজিত বীৰ গৈলা পাচত সেনাৰ॥
অসংখ্যাত সেনা সাজি চলিলা লক্ষ্মণ।
খাল বাম সম কৰি চলে সেনাগণ॥১৫৫
ঘোৰাৰ খোজত সবে ধূলি উৰি যায়।
অল্প জল নদী মানে নামিলে শুকায়॥
লৰৱন্তে প্ৰজাৰ ভৰিৰ ধূলি উৰি।
আকাশক ফুৰি ফুৰি মেঘে যায় পৰি॥১৫৬
ধূলা পৰি ধৱল ভৈলেক মেঘগণ।
সেই কাল হন্তে ধৌত মেঘৰ লক্ষণ॥