পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
লৱ-কুশৰ যুদ্ধ


পৰ্বত সমান হস্তী যুথে যুথে যায়।
নসহে পৃথিবী কম্পি কম্পি হোৱে স্থায়ী॥১৫৭
পাটোৱাৰ হস্তীচয় গৰ্জ্জে আতিশয়।
ঘোটকৰ হ্ৰেসনি শুনন্তে লাগে ভয়।।
ৰথচক্ৰ ধ্বনি শুনি মেঘৰ গৰ্জ্জনি।
পদাতিৰ ৰাৱত আকাশে লঘে ধ্বনি॥১৫৮
হেনমতে সাজিয়া লক্ষ্মণ গৈলা লৰি।
যি থানত শত্ৰুঘন বীৰ আছে পৰি।।
লক্ষ্মণ আগত কালজিত যে পাচত।
পৰি আছে শত্ৰুঘন দেখে সমৰত॥১৫৯
সোলকিল কাপোৰ মুকুত ভৈল কেশ।
ধূলায়ে ধূসৰ যেন ৰাতুলৰ বেশ।
নাহিকে চেতন জ্ঞান অচেতন দেখি।
ধাইলেক লক্ষ্মণ বীৰ খানিকো নাপেখি॥১৬০

লৱ-কুশৰ আলোচনা

জৈমিনি বদতি শুনিয়ো জন্মেজয়।
লক্ষ্মণৰ সেনাক দেখিলা দুয়ো ভাই।।
ভয়ঙ্কৰ সেন দেখি কুশৰ উত্তৰ।
এবে কি কৰিবো ঘোৰ মিলিল সমৰ॥১৬১
অসংখ্যাত গজ বাজী অসংখ্যাত ৰথ।
এবে কি কৰিবো লৱ মিলিল অনৰ্থ।।