পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
লৱ-কুশৰ যুদ্ধ


একমনে বােলো মই সমৰক যাওঁ ।
তেবেসে, ভ্রাতৃৰ শােক সন্তাপ এৰাওঁ।।
যজ্ঞ আৰম্ভণ কৰি ধৰি আছো ব্রত।
কেনমতে প্রাণীহিংসা কৰিবাে বণত॥৪৭
মােহােৰ বচন ধৰ দয়াৰ সােদৰ।
কোথেৰ ছৱালে ভাইক মাৰিলা আমাৰ।।
নাহি আন সহায় ছৱাল দুইজন।
ঘােৰায়ে সহিতে দুইকে আন এতিক্ষণ ॥১৪৮
সমুখ সমৰে যাই নকৰিবা দয়া।
কোনবা দেৱতা যুজে ধৰি শিশু মায়া।।

লক্ষ্মণৰ যুদ্ধযাত্রা

ৰাঘৱ বদতি শুনা সুমিত্রানন্দন।
কটকক সাজ কৰিলন্ত তেতিক্ষণ ॥১৪৯
চপকৰে সাজি লৰিলন্ত ক্রোধমনে।
লক্ষ্মণৰ আদেশক শুনি সেনাগণে।।
সাজিলেক ৰথসব বিচিত্র গঠনে।
লগত চলিলা সেনা, অনেক শােভনে ॥১৫০
অসংখ্যাত গজ বাজী চলিলা পাচত।
পদাতিৰ সংখ্যা মই কহিবােহাে কত ॥
আগুৱান কটক চলিলা যতমানে ।
সবাৰো গাৱত শুক্লবস্ত্র পৰিধানে ॥১৫১