পৃষ্ঠা:লৱণ-দৈত্যবধ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৬ )

আছয় লবণ দৈত্য অসীম সাহস।
ৰাক্ষসীৰ গৰ্ভে জন্মে জাতিত ৰাক্ষস॥
নিষ্কণ্টকে ৰাজ্য কৰে মথুৰাৰ দেশে।
তাক পৰাজিয়া স্বৰ্গ জিনা আসি শেষে॥
ইন্দ্ৰৰ কথাত লাজ পাইলেক মান্ধাতা।
লজ্জা পাই ৰাজা আৰু নাথাকিলে তথা॥
স্বৰ্গ এৰি আসিলেক মথুৰা দেশক।
লবণৰ স্থানে পঠাইলেক এক দূত॥
শীঘ্ৰ গতি গলে দৃত লবণ ওচৰ।
উপনীত হই তাক ক'লে সমাচাৰ॥
লবণ শুনিয়া মহা ক্ৰোধান্বিত হৈল।
লবণৰ ক্ৰোধ দেখি দূত ফিৰি গৈল॥
দূতৰ অপেক্ষা দেখি মান্ধাতা ভূপতি।
যুজিবে লৰিলে সব কটক সংহতি॥
মান্ধাতাৰ তেজ যেন সূৰ্য্যৰ কিৰণ।
তাৰ তেজ দেখি ক্ৰোধি গৈলেক লবণ।
মহাবীৰ মানে সেনাপতি মান্ধাতাৰ।
লবণ উপৰে কৰে বাণ অৱতাৰ॥
শূল হাতে কৰিয়া লবণ বীৰ আসে।
মাৰিলেক শূল পাট মান্ধাতা উদ্দেশে॥
মান্ধাতা সহিত ৰথ অশ্ব পদাতিক।
শূলৰ তেজত ভস্ম হুয়া উড়িলেক॥